Saturday, July 17, 2010

বৰষুণ

শব্দস্নাতা এজাক বৰষুণে আজি
ধোৱাই নিলে মোৰ অৱসাদৰ ত্ৰিশটা বসন্ত

আজি বৰষুণ পৰিছে
চিপ্ চিপ্ বৰষুণৰ টোপালে মোৰ বুকুত বজাইছে
লৰালিৰ চোতালত হেৰাই যোৱা নিচুকনি গীত ।

২০১০

Wednesday, May 26, 2010

মৌনতাত মুগ্ধ এখন নদী

সময়ৰ দাপোনত বিদীৰ্ণ এক পৰিক্ৰমা
এক উচ্ছাস, এক বেদনা, এক মূৰ্ত্ত সংলাপ

সোৱনশিৰি
মৌনতাত মুগ্ধ এখন নদী
কৈশোৰ আৰু যৌৱনৰ স্মৃতিময় বালিচাপৰি

Friday, April 2, 2010

নৈঃশব্দৰ শব্দ আৰু এখন হালধীয়া নদী


নৈঃশব্দৰ শব্দ
ইতিহাসৰ কোনোবা এক অচিনাকি গলিত
অৰ্ধঃমৃত এক সৈনিকৰ আৰ্ত্তনাদত
সাঁৰ পাই উঠে এক দু্ৰ্ভগীয়া নাৰীৰ কাতৰ হুমূনিয়াহ

সময়ৰ পখীঘোঁৰাত বগুৱাবাই গুছি যায়
মৈদামৰ নিঃশব্দতা
ইতিহাস মচি থৈ ক্ৰমশঃ ভাসমান হৈ উঠে
এখন সবাক চহৰ

এখন হালধীয়া নদী
নদীৰ বুকুত মূৰ গুজি গাভৰু হয় চহৰ
শৈশৱ, কৈশোৰ আৰু যৌৱন
কোনোবা পাহাৰৰ বুকু চুই মাতাল হয় যৌৱনৰ নদী
এখন হালধীয়া নদীৰ উন্মাদনাত
নিৰুদিষ্ট হয় এখন সবাক চহৰ

Thursday, July 30, 2009

বৃত্ত


© jaminianurag2009

আকাশ

সৰুতে আকাশ চাই ভাবিছিলো
কিমান ওখ হ'লে ঢুকি পাম আকাশ
কিমান দীঘল হ'লে দুহাত
জুখিব পাৰিম আকাশ

আইৰ আঁচলত লুকাই থাকে
আকাশ
পিতাইৰ হাতৰ মুঠিত সোমাই থাকে
আকাশ

সন্ধিয়াৰ আকাশৰ হালধীয়া বেলিত
লাহে লাহে মাৰ যায় আকাশ
বৃত্তৰ দৰে চলি থাকে সময়
পুৱাৰ সূৰুযৰ হাতত ধৰি
মনে মোৰ আকাশ ধিয়াই ।

Wednesday, October 15, 2008

শৈশৱ

এবাৰ ঘূৰাই দিয়া শৈশৱ
(তুলসীৰ তলে তলে মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই ধনুশৰ জোৰে )

হাতত ধৰি লৈ যোৱা মোক আকাশৰ সিপাৰলৈ
এবাৰ ঘূৰাই দিয়া শৈশৱৰ গুঞ্জন
জোনাক হ'বলৈ দিয়া মোক
চুই চাবলৈ দিয়া আইতাৰ পলসুৱা হাত
বুকুভৰি উশাহ লবলৈ দিয়া
জোনাকৰ বোকোচাত বহি শুনিবলৈ দিয়া
আইতাৰ সাধুকথা
আকৌ এবাৰ সাজোঁ দিয়া বালিঘৰ
সময়ৰ আচোঁৰত বাগৰি নপৰাকৈ
আকৌ এবাৰ ঘূৰাই দিয়া শৈশৱ
হাতৰ মুঠিত ভৰাই থবলৈ
জীৱনে ভাগৰাব নোৱাঁৰাকৈ ।

Monday, October 6, 2008

শেৱালীৰ দৰে গোন্ধাইছা তুমি

গুণগুণকৈ বুকুত শিপাই সন্ধিয়াৰ বতাহজাক
তোমাৰ চাদৰৰ আচঁল উৰে আকাশ ধিয়াই
তুমি ভালপোৱা, মোৰ জোনাকী সুৱাস

সন্ধিয়াৰ জোনাকত তুমি ৰূপালী হৈ পৰা
মোৰ বুকুত বাজে ভালপোৱাৰ বাঁহী

তুমি শৰতৰ সুকোমল উপহাৰ
চকু মুদিলেই দেখা পাওঁ তোমাক
সন্ধিয়াৰ জোনাকত বহি
শেৱালিৰ দৰে গোন্ধাইছা তুমি ।

২০০৮

Tuesday, September 30, 2008

সন্ধিয়াৰ মালিতা

লুইতৰ সিপাৰে শুই আছে আকাশ
সাপৰ দৰে বুকুত সিপাইছে বেলি
ৰঙচুৱা আকাশে বুকুত মেথনি মাৰিছে এন্ধাৰ ৰঙী চাদৰ

সন্ধিয়া নামিছে কাছাৰী ঘাটত
নিজম পৰিছে ৰাজপথ
উজান বজাৰৰ নিজান পথেৰে
বগুৱাবাই নামিছে সন্ধিয়া

পাণবজাৰ মাতাল হ'য় কবিতাৰ ৰাগীত
আকাশৰ বুকব ভৰি কবিতা লিখে অঘৰী কবিয়ে
কজলা হ'য় আকাশ
ৰূপালী হ'য় লুইতৰ বুকু
জোনাক নামে আবেলিৰ বুকুয়েদি
সন্ধিয়াৰ মালিতা হৈ। 

২০০৮

Friday, September 26, 2008

শব্দ গন্ধা

তোমাৰ বুকুত শব্দময় নদীৰ গভীৰতা
শাওঁনৰ আকাশৰ উন্মাদনা
তোমাক ভালপাওঁ বুলি কলেই ৰিম-ঝিম বৰষুণ নামে
তুমি শব্দময় প্ৰাণৰ দুহিতা, ভালপোৱাৰ নন্দন প্ৰতিমা।

তুমি শব্দ-গন্ধা
আহিনৰ দুবৰি বুটলা নিয়ঁৰ টোপালেৰে মালা গুঠি
কবিতাৰ দৰে সজোৱা নিশাৰ আকাশ
তোমাৰ উশাহত ফুলে শেৱালি সুৱাস