Sunday, August 4, 2013

বন্ধুলৈ

(হেমাংগৰ হাতত, যি গুছি ' জীৱন বিছাৰি)

শব্দৰ  উচ্চৰ পৰা উচ্চতালে
কিছুদিন ধৰি যাব পৰা নাই
কিছুদিন ধৰি কান্দিব পৰা নাই
আৰু কিছুদিন ধৰি
একেবাৰে হেৰাই যাব পৰা নাই

বন্ধু হোৱাৰ  কোনো অলিখিত নিয়ম যদি আছে
মানিম বুলিতো কথা দিয়া নাছিলো
পৰষ্পৰক বিচাৰিম বুলিওতো কথা দিয়া নাছিলো
তথাপি এদিন আহি তুমি বন্ধু বুলি কথা
প্ৰত্যয়েৰে খামোচি ললো তোমাৰ হাত

নিজক বিচাৰি গুছি গলা তুমি
জীৱনক কিছু দিব খুজি
হেৰাই গলা কোনোবা আলি কেকুঁৰিত

মানুহে এদিন হেৰাই পাব পোছাক
সিদিনাখন এনেকৈ জোনাক বিছাৰি
ওলায় নাযায় কোনো হেমাংগ
নিৰুদ্দিষ্ট নহয় কোনো অৱনী।

Thursday, February 14, 2013

উশাহবোৰো ধুমুহা হৈ পৰিছে


(শিল হোৱা মানুহৰ প্ৰশস্তি)

মাতবোৰ শিল হৈ পৰিছে
সময়বোৰ বৰফ হৈ পৰিছে
নদীবোৰ বিষাদত নীলা হৈ বিয়পি পৰিছে

বুকুৰ ভিতৰত ঘৰ সাজিছে শীতলতাই
মানুহবোৰ মমৰ নে শিলৰ
এক যাযাবৰী পোছাকে মেৰিয়াই মেৰিয়াই
অচিনাকি কৰি তুলিছে মুখবোৰ

ঘৰবোৰ জটিল হৈ পৰিছে
ঠিকনাবোৰ অচিনাকি
পথবোৰ সৰীসৃপ হৈ বুকুৱে বুকুৱে
ঢালি দিছে বিষ

কোনো আৰু কাৰো বাবে থমকি নৰয়
উশাহবোৰ ধুমুহা হৈ পৰিছে
শিলবোৰ চকুপানী হৈ বুকুৰ ভিতৰত
এটা প্ৰস্তৰ-কঠিন ঘৰ সাজিছে।

(বাঁহী, নিয়মীয়া বাৰ্ত্তা, ১০ ফে. ২০১৩)

© jaminianurag2013