সৰুতে আকাশ চাই ভাবিছিলো
কিমান ওখ হ'লে ঢুকি পাম আকাশ
কিমান দীঘল হ'লে দুহাত
জুখিব পাৰিম আকাশ
আইৰ আঁচলত লুকাই থাকে
আকাশ
পিতাইৰ হাতৰ মুঠিত সোমাই থাকে
আকাশ
সন্ধিয়াৰ আকাশৰ হালধীয়া বেলিত
লাহে লাহে মাৰ যায় আকাশ
বৃত্তৰ দৰে চলি থাকে সময়
পুৱাৰ সূৰুযৰ হাতত ধৰি
মনে মোৰ আকাশ ধিয়াই ।
No comments:
Post a Comment