Friday, April 2, 2010

নৈঃশব্দৰ শব্দ আৰু এখন হালধীয়া নদী


নৈঃশব্দৰ শব্দ
ইতিহাসৰ কোনোবা এক অচিনাকি গলিত
অৰ্ধঃমৃত এক সৈনিকৰ আৰ্ত্তনাদত
সাঁৰ পাই উঠে এক দু্ৰ্ভগীয়া নাৰীৰ কাতৰ হুমূনিয়াহ

সময়ৰ পখীঘোঁৰাত বগুৱাবাই গুছি যায়
মৈদামৰ নিঃশব্দতা
ইতিহাস মচি থৈ ক্ৰমশঃ ভাসমান হৈ উঠে
এখন সবাক চহৰ

এখন হালধীয়া নদী
নদীৰ বুকুত মূৰ গুজি গাভৰু হয় চহৰ
শৈশৱ, কৈশোৰ আৰু যৌৱন
কোনোবা পাহাৰৰ বুকু চুই মাতাল হয় যৌৱনৰ নদী
এখন হালধীয়া নদীৰ উন্মাদনাত
নিৰুদিষ্ট হয় এখন সবাক চহৰ

No comments: