Saturday, April 4, 2020
মাটিৰ চাকি
মাটিৰ ঘৰৰ চাকি
ঢিমিক ঢামাক বাতি
ৰাতিয়ে সোধিলে ক’ম
বৰকৈ বলিছে বতাহ
কিমাননো ৰাখিবি ঢাকি
ঢিমিক ঢামাক বাতি
ৰাতিয়ে সোধিলে ক’ম
বৰকৈ বলিছে বতাহ
কিমাননো ৰাখিবি ঢাকি
মাটিয়ে নাটে, হাতীয়ে নাটে
নাটে জগতৰ ধনে
কিহেনো আটিব, কিহেনো ৰাখিব
যদিহে নাটে এই মনে।
নাটে জগতৰ ধনে
কিহেনো আটিব, কিহেনো ৰাখিব
যদিহে নাটে এই মনে।
চাকিৰ জুই জ্বলে
চগা হৈ মৰে
মাটিৰ জুইৰ চাকি
ধোঁৱাই বৰকৈ ধৰে।চগা হৈ মৰে
মাটিৰ জুইৰ চাকি
Artwork: Aeroritratto di Mussolini aviatore (aerial portrait of Mussolini) (1930)
Artist: Alfredo Ambrosi
#Futurism
© jaminianurag2020
Monday, March 6, 2017
টেলিভিছন
সৰুতে আমাৰ এটা টেলিভিছন নাছিল
বাবেই নেকি দেওবাৰৰ পুৱাবোৰ বৰ উত্কণ্ঠাৰ আছিল
ৰাম-সীতাৰ প্ৰেম আৰু ধৰ্ম-অধৰ্মৰ যুঁজতকৈ
আন এখন যুজ জিকিব লাগিছিল টেলিভিছনৰ প্ৰেমত
দেওবাৰৰ যুঁজবোৰ শেষ হয়
এটা টেলিভিছন সোমাই আহে যেতিয়া ঘৰলৈ
দৰ্শক হোৱাৰ উত্কণ্ঠাবোৰ তাৰ আগতেই শেষ হয়
সোমবাৰে টেলিভিছন এটাৰ ভিতৰলৈ সোমাই যাওঁ মই
অলি-গলি, গাঁও-চহৰ, দোকান-পোহাৰ
বাট-পথ সকলোবোৰ ঘুৰ্মুটিয়াই ঘুৰ্মুটিয়াই বিচাৰি ফুৰোঁ উত্কণ্ঠাবোৰ
বাবেই নেকি দেওবাৰৰ পুৱাবোৰ বৰ উত্কণ্ঠাৰ আছিল
ৰাম-সীতাৰ প্ৰেম আৰু ধৰ্ম-অধৰ্মৰ যুঁজতকৈ
আন এখন যুজ জিকিব লাগিছিল টেলিভিছনৰ প্ৰেমত
দেওবাৰৰ যুঁজবোৰ শেষ হয়
এটা টেলিভিছন সোমাই আহে যেতিয়া ঘৰলৈ
দৰ্শক হোৱাৰ উত্কণ্ঠাবোৰ তাৰ আগতেই শেষ হয়
সোমবাৰে টেলিভিছন এটাৰ ভিতৰলৈ সোমাই যাওঁ মই
অলি-গলি, গাঁও-চহৰ, দোকান-পোহাৰ
বাট-পথ সকলোবোৰ ঘুৰ্মুটিয়াই ঘুৰ্মুটিয়াই বিচাৰি ফুৰোঁ উত্কণ্ঠাবোৰ
এটা টেলিভিছনৰ ঘৰ, ঘৰৰ ভিতৰত অলেখ টেলিভিছন
টেলিভিছনবোৰে আমাক বিচাৰি ঘূৰি ফুৰে
প্ৰেমবোৰ, যুঁজবোৰ, দুখবোৰ ঘূৰি ফুৰে
এটা গোলাকাৰ টেলিভিছনৰ ভিতৰত সোমাই থকা
অলেখ টেলিভিছনৰ তাঁৰে তাঁৰে বগাই বগাই
২০১১
টেলিভিছনবোৰে আমাক বিচাৰি ঘূৰি ফুৰে
প্ৰেমবোৰ, যুঁজবোৰ, দুখবোৰ ঘূৰি ফুৰে
এটা গোলাকাৰ টেলিভিছনৰ ভিতৰত সোমাই থকা
অলেখ টেলিভিছনৰ তাঁৰে তাঁৰে বগাই বগাই
২০১১
Tuesday, November 11, 2014
Saturday, November 1, 2014
মদিৰা আৰু সোঁৱৰণী পুৰণি হলেই ভাল
১)
অলেখ সতেজ উলাহৰ দৰে তুমি
স্মৃতিৰ দৰে অতীতৰ বতাহত উৰে তোমাৰ চুলি
আবেলিবোৰ সুৰময় হলেই গুছি আহা তুমি
কোনে কলে অতীত মানে মাথো সোঁৱৰণী বুলি-কোনে কলে
এতিয়াৰ দৰেই সজীৱ বহু অতীত
মদিৰা আৰু সোঁৱৰণী পুৰণি হলেই ভাল
(২)
বৰ আলফুলে সাঁচি থোৱা আছে
কিছু সুৰময় দিন
বুকুখন নিজান হলেই খুলি লওঁ সোৱৰণীৰ খিৰিকী
বতাহৰ স’তে উৰি আহে তোমাৰ গান
পুৱতি নিশাই সাঁৰ পালো আজি
তোমাৰ প্ৰিয় কবি অঘৰী হ’ল আজি কিছুপৰ ধৰি
অলেখ সতেজ উলাহৰ দৰে তুমি
স্মৃতিৰ দৰে অতীতৰ বতাহত উৰে তোমাৰ চুলি
আবেলিবোৰ সুৰময় হলেই গুছি আহা তুমি
কোনে কলে অতীত মানে মাথো সোঁৱৰণী বুলি-কোনে কলে
এতিয়াৰ দৰেই সজীৱ বহু অতীত
মদিৰা আৰু সোঁৱৰণী পুৰণি হলেই ভাল
(২)
বৰ আলফুলে সাঁচি থোৱা আছে
কিছু সুৰময় দিন
বুকুখন নিজান হলেই খুলি লওঁ সোৱৰণীৰ খিৰিকী
বতাহৰ স’তে উৰি আহে তোমাৰ গান
পুৱতি নিশাই সাঁৰ পালো আজি
তোমাৰ প্ৰিয় কবি অঘৰী হ’ল আজি কিছুপৰ ধৰি
Sunday, August 4, 2013
বন্ধুলৈ
(হেমাংগৰ হাতত, যি গুছি গ'ল জীৱন বিছাৰি)
শব্দৰ
উচ্চৰ পৰা উচ্চতালে
কিছুদিন ধৰি যাব পৰা নাই
কিছুদিন ধৰি কান্দিব পৰা নাই
আৰু কিছুদিন ধৰি
একেবাৰে হেৰাই যাব পৰা নাই
বন্ধু হোৱাৰ কোনো অলিখিত নিয়ম যদি আছে
মানিম বুলিতো কথা দিয়া নাছিলো
পৰষ্পৰক বিচাৰিম বুলিওতো কথা দিয়া নাছিলো
তথাপি এদিন আহি তুমি বন্ধু বুলি কথা
প্ৰত্যয়েৰে খামোচি ললো তোমাৰ হাত
নিজক বিচাৰি গুছি গলা তুমি
জীৱনক কিছু দিব খুজি
হেৰাই গলা কোনোবা আলি কেকুঁৰিত
মানুহে এদিন হেৰাই পাব পোছাক
সিদিনাখন এনেকৈ জোনাক বিছাৰি
ওলায় নাযায় কোনো হেমাংগ
নিৰুদ্দিষ্ট নহয় কোনো অৱনী।।
Thursday, February 14, 2013
উশাহবোৰো ধুমুহা হৈ পৰিছে
(শিল হোৱা মানুহৰ
প্ৰশস্তি)
মাতবোৰ শিল হৈ পৰিছে
সময়বোৰ বৰফ হৈ পৰিছে
নদীবোৰ বিষাদত নীলা হৈ বিয়পি পৰিছে
বুকুৰ ভিতৰত ঘৰ সাজিছে শীতলতাই
মানুহবোৰ মমৰ নে শিলৰ
এক যাযাবৰী পোছাকে মেৰিয়াই মেৰিয়াই
অচিনাকি কৰি তুলিছে মুখবোৰ
ঘৰবোৰ জটিল হৈ পৰিছে
ঠিকনাবোৰ অচিনাকি
পথবোৰ সৰীসৃপ হৈ বুকুৱে বুকুৱে
ঢালি দিছে বিষ
কোনো আৰু কাৰো বাবে থমকি নৰয়
উশাহবোৰ ধুমুহা হৈ পৰিছে
শিলবোৰ চকুপানী হৈ বুকুৰ ভিতৰত
এটা প্ৰস্তৰ-কঠিন ঘৰ সাজিছে।
(বাঁহী, নিয়মীয়া বাৰ্ত্তা, ১০ ফে. ২০১৩)
© jaminianurag2013
Saturday, April 2, 2011
স্মৃতিৰ উদ্যান
মোৰ বুকুৰ খিৰিকী মেলি দিলো,
এন্ধাৰৰ জাল বন্ধা ধূলিময় বাটেৰে সোমাই আহিল ফাগুনৰ বতাহজাক ,
আৰু উদাস-উদাস ফাগুনৰ এজাক ৰ’দ
শিৰ-শিৰাই উঠিল দেৱালবোৰ
বহু যুগৰ সীমাহীন অপেক্ষাৰ ক্লান্তি ভাঙি যেন এক ৰৌদ্ৰস্নান
অভিমানত ডুবি থাকিল দেৱালৰ ঘড়ীটো
’কিয় মোৰ বাবে নাছিল তোমাৰ তিলমানো অৱকাশ
অসাৰ যাতনাত ডুবি ৰ’ল ক’ত বসন্ত
আজি কিয় ঘূৰি চালা মোৰ ফালে !’
শুই আছে মোৰ বুকুৰ কোঠালিৰ আচ-বাব বোৰ
মোৰ পঢ়া-মেজৰ অকামিলা টিপ-চাকিটো
মোৰ আধালিখা ডায়েৰীবোৰ
চিলিঙত ওলোমা বিচনীখন
আৰু এটা নিলিখা কলম
অৱসাদৰ ধূলি চামনিত পোত খাই আছে মোৰ স্মৃতিৰ উদ্যান
খিৰিকীৰে জুমি চালো, মৰহি যোৱা গোলাপৰ পাহিত লাগি আছে নেকি
সন্ধিয়াৰ সেই কিছু একান্ত ক্ষণ,
ক’ৰবাত ৰৈ আছে নেকি অপেক্ষাৰ কবিতা
ওঠৰতা বসন্তৰ হিচাব-নিকাচ
অৱসাদে মূক কৰি নিছে মোক
ধূসৰ হৈ আহিছে দৃষ্টিৰ গভীৰতা
সন্ধিয়াৰ আগমনে সোঁৱৰাই দিলে
জোনাক হ’ব নোৱাৰাৰ কি যে দুখঃ
এন্ধাৰৰ জাল বন্ধা ধূলিময় বাটেৰে সোমাই আহিল ফাগুনৰ বতাহজাক ,
আৰু উদাস-উদাস ফাগুনৰ এজাক ৰ’দ
শিৰ-শিৰাই উঠিল দেৱালবোৰ
বহু যুগৰ সীমাহীন অপেক্ষাৰ ক্লান্তি ভাঙি যেন এক ৰৌদ্ৰস্নান
অভিমানত ডুবি থাকিল দেৱালৰ ঘড়ীটো
’কিয় মোৰ বাবে নাছিল তোমাৰ তিলমানো অৱকাশ
অসাৰ যাতনাত ডুবি ৰ’ল ক’ত বসন্ত
আজি কিয় ঘূৰি চালা মোৰ ফালে !’
শুই আছে মোৰ বুকুৰ কোঠালিৰ আচ-বাব বোৰ
মোৰ পঢ়া-মেজৰ অকামিলা টিপ-চাকিটো
মোৰ আধালিখা ডায়েৰীবোৰ
চিলিঙত ওলোমা বিচনীখন
আৰু এটা নিলিখা কলম
অৱসাদৰ ধূলি চামনিত পোত খাই আছে মোৰ স্মৃতিৰ উদ্যান
খিৰিকীৰে জুমি চালো, মৰহি যোৱা গোলাপৰ পাহিত লাগি আছে নেকি
সন্ধিয়াৰ সেই কিছু একান্ত ক্ষণ,
ক’ৰবাত ৰৈ আছে নেকি অপেক্ষাৰ কবিতা
ওঠৰতা বসন্তৰ হিচাব-নিকাচ
অৱসাদে মূক কৰি নিছে মোক
ধূসৰ হৈ আহিছে দৃষ্টিৰ গভীৰতা
সন্ধিয়াৰ আগমনে সোঁৱৰাই দিলে
জোনাক হ’ব নোৱাৰাৰ কি যে দুখঃ
Sunday, February 6, 2011
সাঁৰে থাকক ভালপোৱা
সেউজীয়া পাতৰ দৰে এক প্ৰত্যয়েৰে
তোমাৰ দুচকুত এজোপা গোলাপ ৰুই দিলোঁ
বুকুত থলোঁ ভালপোৱাৰ বোকা-মাটি
লহ-পহকৈ বাঢ়ক বাঢ়নী পানীৰ দৰে,
শেষ হওক ৰাতিৰ গান, এন্ধাৰৰ হাত
তুমি ভালপোৱা একোটা নিজান বাঁহী
আঁৰি দিলো ডালে-পাতে, মনে মনে
ৰি-ৰিয়াই উঠিল বতাহজাক, কোনে
আহি বাঁহী বায়, নিজান সুৰত
বুকুত বাঢ়ি আহে গোলাপৰ পুলি
ক’ৰবাত গান গালে আহি বহাগৰ
চৰাইজনীয়ে, তুমি আহি হাঁহি দিলা
ভৰি পৰিল গোলাপৰ ফুল,
সূৰুয আহি বজালে নিজান-বাঁহী
আজি তুমি গান গোৱা
ভৰাই দিয়া জোনাকৰ বাট, ওৰে ৰাতি
সাঁৰে থাকক ভালপোৱা, সেউজীয়া
পাতৰ দৰে ভালপোৱা
তোমাৰ দুচকুত এজোপা গোলাপ ৰুই দিলোঁ
বুকুত থলোঁ ভালপোৱাৰ বোকা-মাটি
লহ-পহকৈ বাঢ়ক বাঢ়নী পানীৰ দৰে,
শেষ হওক ৰাতিৰ গান, এন্ধাৰৰ হাত
তুমি ভালপোৱা একোটা নিজান বাঁহী
আঁৰি দিলো ডালে-পাতে, মনে মনে
ৰি-ৰিয়াই উঠিল বতাহজাক, কোনে
আহি বাঁহী বায়, নিজান সুৰত
বুকুত বাঢ়ি আহে গোলাপৰ পুলি
ক’ৰবাত গান গালে আহি বহাগৰ
চৰাইজনীয়ে, তুমি আহি হাঁহি দিলা
ভৰি পৰিল গোলাপৰ ফুল,
সূৰুয আহি বজালে নিজান-বাঁহী
আজি তুমি গান গোৱা
ভৰাই দিয়া জোনাকৰ বাট, ওৰে ৰাতি
সাঁৰে থাকক ভালপোৱা, সেউজীয়া
পাতৰ দৰে ভালপোৱা
Saturday, September 18, 2010
Saturday, July 17, 2010
বৰষুণ
শব্দস্নাতা এজাক বৰষুণে আজি
ধোৱাই নিলে মোৰ অৱসাদৰ ত্ৰিশটা বসন্ত
আজি বৰষুণ পৰিছে
চিপ্ চিপ্ বৰষুণৰ টোপালে মোৰ বুকুত বজাইছে
লৰালিৰ চোতালত হেৰাই যোৱা নিচুকনি গীত ।
২০১০
ধোৱাই নিলে মোৰ অৱসাদৰ ত্ৰিশটা বসন্ত
আজি বৰষুণ পৰিছে
চিপ্ চিপ্ বৰষুণৰ টোপালে মোৰ বুকুত বজাইছে
লৰালিৰ চোতালত হেৰাই যোৱা নিচুকনি গীত ।
২০১০
Wednesday, May 26, 2010
মৌনতাত মুগ্ধ এখন নদী
সময়ৰ দাপোনত বিদীৰ্ণ এক পৰিক্ৰমা
এক উচ্ছাস, এক বেদনা, এক মূৰ্ত্ত সংলাপ
সোৱনশিৰি
মৌনতাত মুগ্ধ এখন নদী
কৈশোৰ আৰু যৌৱনৰ স্মৃতিময় বালিচাপৰি
এক উচ্ছাস, এক বেদনা, এক মূৰ্ত্ত সংলাপ
সোৱনশিৰি
মৌনতাত মুগ্ধ এখন নদী
কৈশোৰ আৰু যৌৱনৰ স্মৃতিময় বালিচাপৰি
Friday, April 2, 2010
নৈঃশব্দৰ শব্দ আৰু এখন হালধীয়া নদী
১
নৈঃশব্দৰ শব্দ
ইতিহাসৰ কোনোবা এক অচিনাকি গলিত
অৰ্ধঃমৃত এক সৈনিকৰ আৰ্ত্তনাদত
সাঁৰ পাই উঠে এক দু্ৰ্ভগীয়া নাৰীৰ কাতৰ হুমূনিয়াহ
সময়ৰ পখীঘোঁৰাত বগুৱাবাই গুছি যায়
মৈদামৰ নিঃশব্দতা
ইতিহাস মচি থৈ ক্ৰমশঃ ভাসমান হৈ উঠে
এখন সবাক চহৰ
২
এখন হালধীয়া নদী
নদীৰ বুকুত মূৰ গুজি গাভৰু হয় চহৰ
শৈশৱ, কৈশোৰ আৰু যৌৱন
কোনোবা পাহাৰৰ বুকু চুই মাতাল হয় যৌৱনৰ নদী
এখন হালধীয়া নদীৰ উন্মাদনাত
নিৰুদিষ্ট হয় এখন সবাক চহৰ
নৈঃশব্দৰ শব্দ
ইতিহাসৰ কোনোবা এক অচিনাকি গলিত
অৰ্ধঃমৃত এক সৈনিকৰ আৰ্ত্তনাদত
সাঁৰ পাই উঠে এক দু্ৰ্ভগীয়া নাৰীৰ কাতৰ হুমূনিয়াহ
সময়ৰ পখীঘোঁৰাত বগুৱাবাই গুছি যায়
মৈদামৰ নিঃশব্দতা
ইতিহাস মচি থৈ ক্ৰমশঃ ভাসমান হৈ উঠে
এখন সবাক চহৰ
২
এখন হালধীয়া নদী
নদীৰ বুকুত মূৰ গুজি গাভৰু হয় চহৰ
শৈশৱ, কৈশোৰ আৰু যৌৱন
কোনোবা পাহাৰৰ বুকু চুই মাতাল হয় যৌৱনৰ নদী
এখন হালধীয়া নদীৰ উন্মাদনাত
নিৰুদিষ্ট হয় এখন সবাক চহৰ
Thursday, July 30, 2009
Wednesday, October 15, 2008
শৈশৱ
এবাৰ ঘূৰাই দিয়া শৈশৱ
(তুলসীৰ তলে তলে মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই ধনুশৰ জোৰে )
হাতত ধৰি লৈ যোৱা মোক আকাশৰ সিপাৰলৈ
এবাৰ ঘূৰাই দিয়া শৈশৱৰ গুঞ্জন
জোনাক হ'বলৈ দিয়া মোক
চুই চাবলৈ দিয়া আইতাৰ পলসুৱা হাত
বুকুভৰি উশাহ লবলৈ দিয়া
জোনাকৰ বোকোচাত বহি শুনিবলৈ দিয়া
আইতাৰ সাধুকথা
আকৌ এবাৰ সাজোঁ দিয়া বালিঘৰ
সময়ৰ আচোঁৰত বাগৰি নপৰাকৈ
আকৌ এবাৰ ঘূৰাই দিয়া শৈশৱ
হাতৰ মুঠিত ভৰাই থবলৈ
জীৱনে ভাগৰাব নোৱাঁৰাকৈ ।
(তুলসীৰ তলে তলে মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই ধনুশৰ জোৰে )
হাতত ধৰি লৈ যোৱা মোক আকাশৰ সিপাৰলৈ
এবাৰ ঘূৰাই দিয়া শৈশৱৰ গুঞ্জন
জোনাক হ'বলৈ দিয়া মোক
চুই চাবলৈ দিয়া আইতাৰ পলসুৱা হাত
বুকুভৰি উশাহ লবলৈ দিয়া
জোনাকৰ বোকোচাত বহি শুনিবলৈ দিয়া
আইতাৰ সাধুকথা
আকৌ এবাৰ সাজোঁ দিয়া বালিঘৰ
সময়ৰ আচোঁৰত বাগৰি নপৰাকৈ
আকৌ এবাৰ ঘূৰাই দিয়া শৈশৱ
হাতৰ মুঠিত ভৰাই থবলৈ
জীৱনে ভাগৰাব নোৱাঁৰাকৈ ।
Monday, October 6, 2008
শেৱালীৰ দৰে গোন্ধাইছা তুমি
গুণগুণকৈ বুকুত শিপাই সন্ধিয়াৰ বতাহজাক
তোমাৰ চাদৰৰ আচঁল উৰে আকাশ ধিয়াই
তুমি ভালপোৱা, মোৰ জোনাকী সুৱাস
সন্ধিয়াৰ জোনাকত তুমি ৰূপালী হৈ পৰা
মোৰ বুকুত বাজে ভালপোৱাৰ বাঁহী
তুমি শৰতৰ সুকোমল উপহাৰ
চকু মুদিলেই দেখা পাওঁ তোমাক
সন্ধিয়াৰ জোনাকত বহি
শেৱালিৰ দৰে গোন্ধাইছা তুমি ।
২০০৮
তোমাৰ চাদৰৰ আচঁল উৰে আকাশ ধিয়াই
তুমি ভালপোৱা, মোৰ জোনাকী সুৱাস
সন্ধিয়াৰ জোনাকত তুমি ৰূপালী হৈ পৰা
মোৰ বুকুত বাজে ভালপোৱাৰ বাঁহী
তুমি শৰতৰ সুকোমল উপহাৰ
চকু মুদিলেই দেখা পাওঁ তোমাক
সন্ধিয়াৰ জোনাকত বহি
শেৱালিৰ দৰে গোন্ধাইছা তুমি ।
২০০৮
Tuesday, September 30, 2008
সন্ধিয়াৰ মালিতা
লুইতৰ সিপাৰে শুই আছে আকাশ
সাপৰ দৰে বুকুত সিপাইছে বেলি
ৰঙচুৱা আকাশে বুকুত মেথনি মাৰিছে এন্ধাৰ ৰঙী চাদৰ
সন্ধিয়া নামিছে কাছাৰী ঘাটত
নিজম পৰিছে ৰাজপথ
উজান বজাৰৰ নিজান পথেৰে
বগুৱাবাই নামিছে সন্ধিয়া
পাণবজাৰ মাতাল হ'য় কবিতাৰ ৰাগীত
আকাশৰ বুকব ভৰি কবিতা লিখে অঘৰী কবিয়ে
কজলা হ'য় আকাশ
ৰূপালী হ'য় লুইতৰ বুকু
জোনাক নামে আবেলিৰ বুকুয়েদি
সন্ধিয়াৰ মালিতা হৈ।
২০০৮
সাপৰ দৰে বুকুত সিপাইছে বেলি
ৰঙচুৱা আকাশে বুকুত মেথনি মাৰিছে এন্ধাৰ ৰঙী চাদৰ
সন্ধিয়া নামিছে কাছাৰী ঘাটত
নিজম পৰিছে ৰাজপথ
উজান বজাৰৰ নিজান পথেৰে
বগুৱাবাই নামিছে সন্ধিয়া
পাণবজাৰ মাতাল হ'য় কবিতাৰ ৰাগীত
আকাশৰ বুকব ভৰি কবিতা লিখে অঘৰী কবিয়ে
কজলা হ'য় আকাশ
ৰূপালী হ'য় লুইতৰ বুকু
জোনাক নামে আবেলিৰ বুকুয়েদি
সন্ধিয়াৰ মালিতা হৈ।
২০০৮
Sunday, September 28, 2008
Friday, September 26, 2008
শব্দ গন্ধা
তোমাৰ বুকুত শব্দময় নদীৰ গভীৰতা
শাওঁনৰ আকাশৰ উন্মাদনা
তোমাক ভালপাওঁ বুলি কলেই ৰিম-ঝিম বৰষুণ নামে
তুমি শব্দময় প্ৰাণৰ দুহিতা, ভালপোৱাৰ নন্দন প্ৰতিমা।
তুমি শব্দ-গন্ধা
আহিনৰ দুবৰি বুটলা নিয়ঁৰ টোপালেৰে মালা গুঠি
কবিতাৰ দৰে সজোৱা নিশাৰ আকাশ
তোমাৰ উশাহত ফুলে শেৱালি সুৱাস
শাওঁনৰ আকাশৰ উন্মাদনা
তোমাক ভালপাওঁ বুলি কলেই ৰিম-ঝিম বৰষুণ নামে
তুমি শব্দময় প্ৰাণৰ দুহিতা, ভালপোৱাৰ নন্দন প্ৰতিমা।
তুমি শব্দ-গন্ধা
আহিনৰ দুবৰি বুটলা নিয়ঁৰ টোপালেৰে মালা গুঠি
কবিতাৰ দৰে সজোৱা নিশাৰ আকাশ
তোমাৰ উশাহত ফুলে শেৱালি সুৱাস
Subscribe to:
Posts (Atom)






