Saturday, April 4, 2020

বুদ্ধৰ ফাঁচী

ৰাতিপুৱা
বুদ্ধই দলংবোৰ জ্বলাই দিলে
বন্ধ হৈ যাওক বুলি
মানুহ আৰু মানুহৰ সংযোগ

দুপৰীয়া
মানুহবোৰ সাঁতুৰি-নাদুৰি পাৰ হ'ল
হাতত হাত ধৰি একেলগ হ'ল

আজি সন্ধিয়ালৈ বুদ্ধৰ ফাঁচী।











© jaminianurag2020

মাটিৰ চাকি

মাটিৰ ঘৰৰ চাকি
ঢিমিক ঢামাক বাতি
ৰাতিয়ে সোধিলে ক’ম
বৰকৈ বলিছে বতাহ
কিমাননো ৰাখিবি ঢাকি

মাটিয়ে নাটে, হাতীয়ে নাটে
নাটে জগতৰ ধনে
কিহেনো আটিব, কিহেনো ৰাখিব
যদিহে নাটে এই মনে।

চাকিৰ জুই জ্বলে
চগা হৈ মৰে
মাটিৰ জুইৰ চাকি
ধোঁৱাই বৰকৈ ধৰে।






















Artwork: Aeroritratto di Mussolini aviatore (aerial portrait of Mussolini) (1930)
Artist: Alfredo Ambrosi
#Futurism
© jaminianurag2020