Thursday, February 14, 2013

উশাহবোৰো ধুমুহা হৈ পৰিছে


(শিল হোৱা মানুহৰ প্ৰশস্তি)

মাতবোৰ শিল হৈ পৰিছে
সময়বোৰ বৰফ হৈ পৰিছে
নদীবোৰ বিষাদত নীলা হৈ বিয়পি পৰিছে

বুকুৰ ভিতৰত ঘৰ সাজিছে শীতলতাই
মানুহবোৰ মমৰ নে শিলৰ
এক যাযাবৰী পোছাকে মেৰিয়াই মেৰিয়াই
অচিনাকি কৰি তুলিছে মুখবোৰ

ঘৰবোৰ জটিল হৈ পৰিছে
ঠিকনাবোৰ অচিনাকি
পথবোৰ সৰীসৃপ হৈ বুকুৱে বুকুৱে
ঢালি দিছে বিষ

কোনো আৰু কাৰো বাবে থমকি নৰয়
উশাহবোৰ ধুমুহা হৈ পৰিছে
শিলবোৰ চকুপানী হৈ বুকুৰ ভিতৰত
এটা প্ৰস্তৰ-কঠিন ঘৰ সাজিছে।

(বাঁহী, নিয়মীয়া বাৰ্ত্তা, ১০ ফে. ২০১৩)

© jaminianurag2013