Tuesday, September 30, 2008

সন্ধিয়াৰ মালিতা

লুইতৰ সিপাৰে শুই আছে আকাশ
সাপৰ দৰে বুকুত সিপাইছে বেলি
ৰঙচুৱা আকাশে বুকুত মেথনি মাৰিছে এন্ধাৰ ৰঙী চাদৰ

সন্ধিয়া নামিছে কাছাৰী ঘাটত
নিজম পৰিছে ৰাজপথ
উজান বজাৰৰ নিজান পথেৰে
বগুৱাবাই নামিছে সন্ধিয়া

পাণবজাৰ মাতাল হ'য় কবিতাৰ ৰাগীত
আকাশৰ বুকব ভৰি কবিতা লিখে অঘৰী কবিয়ে
কজলা হ'য় আকাশ
ৰূপালী হ'য় লুইতৰ বুকু
জোনাক নামে আবেলিৰ বুকুয়েদি
সন্ধিয়াৰ মালিতা হৈ। 

২০০৮

Friday, September 26, 2008

শব্দ গন্ধা

তোমাৰ বুকুত শব্দময় নদীৰ গভীৰতা
শাওঁনৰ আকাশৰ উন্মাদনা
তোমাক ভালপাওঁ বুলি কলেই ৰিম-ঝিম বৰষুণ নামে
তুমি শব্দময় প্ৰাণৰ দুহিতা, ভালপোৱাৰ নন্দন প্ৰতিমা।

তুমি শব্দ-গন্ধা
আহিনৰ দুবৰি বুটলা নিয়ঁৰ টোপালেৰে মালা গুঠি
কবিতাৰ দৰে সজোৱা নিশাৰ আকাশ
তোমাৰ উশাহত ফুলে শেৱালি সুৱাস

সেউজীয়া পাতৰ দৰে

সেউজীয়া পাতৰ দৰে এক আকুলতাত
ডুবি থাকে ব'হাগ
বুকুত শুই থাকে নদীৰ দৰে এক তন্ময়তা
গতিশীল এজাক বতাহ

যৌৱনৰ দৰে মাদকতা আছে ব'হাগৰ
আকাশৰ দৰে বুকু
বাহীঁৰ মাতত সাঁৰ পাই থাকে নিশা
আৰু
গোপনে বৈ থাকে
ভালপোৱাৰ তন্ময় নদী

Thursday, September 25, 2008

কবি

নীলাভ আকুলতাত বিলীন
ইতিহাসৰো আছে
সৰাপাতৰ নিৰ্জনতা

হালধীয়া সৰাপাততো আছে
পূৰ্ণতাৰ অৱশেষ

নদীৰ দৰে কবিৰো আছে উত্স
বাৰিষা, খৰালি, উন্মাদনা
আছে লঠঙা ডাল, সেউজীয়া পাত

শূণ্যতাতেই আছে বিশালতা
আশাৰ আকাশ

তৰাং নদী নতুবা নিৰ্জনতা নহয়
কবি
সেউজীয়া এক আকাশ, এক কল্লোল।