Saturday, April 2, 2011

স্মৃতিৰ উদ্যান

মোৰ বুকুৰ খিৰিকী মেলি দিলো,
এন্ধাৰৰ জাল বন্ধা ধূলিময় বাটেৰে সোমাই আহিল ফাগুনৰ বতাহজাক ,
আৰু উদাস-উদাস ফাগুনৰ এজাক ৰ’দ
শিৰ-শিৰাই উঠিল দেৱালবোৰ
বহু যুগৰ সীমাহীন অপেক্ষাৰ ক্লান্তি ভাঙি যেন এক ৰৌদ্ৰস্নান

অভিমানত ডুবি থাকিল দেৱালৰ ঘড়ীটো
’কিয় মোৰ বাবে নাছিল তোমাৰ তিলমানো অৱকাশ
অসাৰ যাতনাত ডুবি ৰ’ল ক’ত বসন্ত
আজি কিয় ঘূৰি চালা মোৰ ফালে !’

শুই আছে মোৰ বুকুৰ কোঠালিৰ আচ-বাব বোৰ
মোৰ পঢ়া-মেজৰ অকামিলা টিপ-চাকিটো
মোৰ আধালিখা ডায়েৰীবোৰ
চিলিঙত ওলোমা বিচনীখন
আৰু এটা নিলিখা কলম

অৱসাদৰ ধূলি চামনিত পোত খাই আছে মোৰ স্মৃতিৰ উদ্যান
খিৰিকীৰে জুমি চালো, মৰহি যোৱা গোলাপৰ পাহিত লাগি আছে নেকি
সন্ধিয়াৰ সেই কিছু একান্ত ক্ষণ,
ক’ৰবাত ৰৈ আছে নেকি অপেক্ষাৰ কবিতা
ওঠৰতা বসন্তৰ হিচাব-নিকাচ

অৱসাদে মূক কৰি নিছে মোক
ধূসৰ হৈ আহিছে দৃষ্টিৰ গভীৰতা
সন্ধিয়াৰ আগমনে সোঁৱৰাই দিলে
জোনাক হ’ব নোৱাৰাৰ কি যে দুখঃ

Sunday, February 6, 2011

সাঁৰে থাকক ভালপোৱা

সেউজীয়া পাতৰ দৰে এক প্ৰত্যয়েৰে
তোমাৰ দুচকুত এজোপা গোলাপ ৰুই দিলোঁ
বুকুত থলোঁ ভালপোৱাৰ বোকা-মাটি
লহ-পহকৈ বাঢ়ক বাঢ়নী পানীৰ দৰে,
শেষ হওক ৰাতিৰ গান, এন্ধাৰৰ হাত

তুমি ভালপোৱা একোটা নিজান বাঁহী
আঁৰি দিলো ডালে-পাতে, মনে মনে
ৰি-ৰিয়াই উঠিল বতাহজাক, কোনে
আহি বাঁহী বায়, নিজান সুৰত
বুকুত বাঢ়ি আহে গোলাপৰ পুলি

ক’ৰবাত গান গালে আহি বহাগৰ
চৰাইজনীয়ে, তুমি আহি হাঁহি দিলা
ভৰি পৰিল গোলাপৰ  ফুল,
সূৰুয আহি বজালে নিজান-বাঁহী

আজি তুমি গান গোৱা
ভৰাই দিয়া জোনাকৰ বাট, ওৰে ৰাতি
সাঁৰে থাকক ভালপোৱা, সেউজীয়া
পাতৰ দৰে ভালপোৱা

Saturday, September 18, 2010

নীলা

Blueনীলাৰ সিপাৰে আছে হেনো
আৰু কিছু নীলা 


যেন তোমাৰ দুচকুত ডুবি আছে
এসাগৰ নীলা

Saturday, July 17, 2010

বৰষুণ

বৰষুণ


শব্দস্নাতা এজাক বৰষুণে আজি
ধোৱাই নিলে মোৰ অৱসাদৰ ত্ৰিশটা বসন্ত

আজি বৰষুণ পৰিছে
চিপ্ চিপ্ বৰষুণৰ টোপালে মোৰ বুকুত বজাইছে
লৰালিৰ চোতালত হেৰাই যোৱা নিচুকনি গীত ।

© jaminianurag2010

Wednesday, May 26, 2010

মৌনতাত মুগ্ধ এখন নদী

মৌনতাত মুগ্ধ এখন নদী

সময়ৰ দাপোনত বিদীৰ্ণ এক পৰিক্ৰমা
এক উচ্ছাস, এক বেদনা, এক মূৰ্ত্ত সংলাপ

সোৱনশিৰি
মৌনতাত মুগ্ধ এখন নদী
কৈশোৰ আৰু যৌৱনৰ স্মৃতিময় বালিচাপৰি


© jaminianurag2010

Friday, April 2, 2010

নৈঃশব্দৰ শব্দ আৰু এখন হালধীয়া নদী

নৈঃশব্দৰ শব্দ আৰু এখন হালধীয়া নদী

নৈঃশব্দৰ শব্দ
ইতিহাসৰ কোনোবা এক অচিনাকি গলিত
অৰ্ধঃমৃত এক সৈনিকৰ আৰ্ত্তনাদত
সাঁৰ পাই উঠে এক দু্ৰ্ভগীয়া নাৰীৰ কাতৰ হুমূনিয়াহ

সময়ৰ পখীঘোঁৰাত বগুৱাবাই গুছি যায়
মৈদামৰ নিঃশব্দতা
ইতিহাস মচি থৈ ক্ৰমশঃ ভাসমান হৈ উঠে
এখন সবাক চহৰ

এখন হালধীয়া নদী
নদীৰ বুকুত মূৰ গুজি গাভৰু হয় চহৰ
শৈশৱ, কৈশোৰ আৰু যৌৱন
কোনোবা পাহাৰৰ বুকু চুই মাতাল হয় যৌৱনৰ নদী
এখন হালধীয়া নদীৰ উন্মাদনাত
নিৰুদিষ্ট হয় এখন সবাক চহৰ

©jaminianurag_2010

Thursday, July 30, 2009

বৃত্ত


© jaminianurag2009

আকাশ


© jaminianurag2009

Wednesday, October 15, 2008

শৈশৱ


© jaminianurag2008

Monday, October 6, 2008

শেৱালীৰ দৰে গোন্ধাইছা তুমি


© jaminianurag2008