Monday, March 6, 2017

টেলিভিছন

সৰুতে আমাৰ এটা টেলিভিছন নাছিল
বাবেই নেকি দেওবাৰৰ পুৱাবোৰ বৰ উত্কণ্ঠাৰ আছিল
ৰাম-সীতাৰ প্ৰেম আৰু ধৰ্ম-অধৰ্মৰ যুঁজতকৈ
আন এখন যুজ জিকিব লাগিছিল টেলিভিছনৰ প্ৰেমত

দেওবাৰৰ যুঁজবোৰ শেষ হয়
এটা টেলিভিছন সোমাই আহে যেতিয়া ঘৰলৈ
দৰ্শক হোৱাৰ উত্কণ্ঠাবোৰ তাৰ আগতেই শেষ হয়

সোমবাৰে টেলিভিছন এটাৰ ভিতৰলৈ সোমাই যাওঁ মই
অলি-গলি, গাঁও-চহৰ, দোকান-পোহাৰ
বাট-পথ সকলোবোৰ ঘুৰ্মুটিয়াই ঘুৰ্মুটিয়াই বিচাৰি ফুৰোঁ উত্কণ্ঠাবোৰ

এটা টেলিভিছনৰ ঘৰ, ঘৰৰ ভিতৰত অলেখ টেলিভিছন
টেলিভিছনবোৰে আমাক বিচাৰি ঘূৰি ফুৰে


প্ৰেমবোৰ, যুঁজবোৰ, দুখবোৰ ঘূৰি ফুৰে
এটা গোলাকাৰ টেলিভিছনৰ ভিতৰত সোমাই থকা
অলেখ টেলিভিছনৰ তাঁৰে তাঁৰে বগাই বগাই

২০১১

Tuesday, November 11, 2014

কাঁচৰ ঘৰ

কাঁচৰ ঘৰৰ চিকমিকনিত দিশহাৰা
এটা ৰূপালী মাছৰ চৌপাশে
এখন সাগৰ

সাগৰেই ঘৰ
ঘৰ নে আশ্ৰয়
আহুকলীয়া প্ৰশ্নৰ মায়াত বন্দী
এজাক কৌতুহলী ৰূপালী মাছ

কাঁচৰ থুনুকা ঘৰ
নে মাছৰ থুনুকা মন

কোন গুছি যায় কাঁচৰ ঘৰ এৰি
নিমাত কৰি ৰূপালী মাছৰ গান।।



Saturday, November 1, 2014

মদিৰা আৰু সোঁৱৰণী পুৰণি হলেই ভাল

১)
অলেখ সতেজ উলাহৰ দৰে তুমি
স্মৃতিৰ দৰে অতীতৰ বতাহত উৰে তোমাৰ চুলি

আবেলিবোৰ সুৰময় হলেই গুছি আহা তুমি
কোনে কলে অতীত মানে মাথো সোঁৱৰণী বুলি-কোনে কলে

এতিয়াৰ দৰেই সজীৱ বহু অতীত
মদিৰা আৰু সোঁৱৰণী পুৰণি হলেই ভাল

(২)
বৰ আলফুলে সাঁচি থোৱা আছে
কিছু সুৰময় দিন
বুকুখন নিজান হলেই খুলি লওঁ সোৱৰণীৰ খিৰিকী
বতাহৰ স’তে উৰি আহে তোমাৰ গান

পুৱতি নিশাই সাঁৰ পালো আজি
তোমাৰ প্ৰিয় কবি অঘৰী হ’ল আজি কিছুপৰ ধৰি

Sunday, August 4, 2013

বন্ধুলৈ

(হেমাংগৰ হাতত, যি গুছি ' জীৱন বিছাৰি)

শব্দৰ  উচ্চৰ পৰা উচ্চতালে
কিছুদিন ধৰি যাব পৰা নাই
কিছুদিন ধৰি কান্দিব পৰা নাই
আৰু কিছুদিন ধৰি
একেবাৰে হেৰাই যাব পৰা নাই

বন্ধু হোৱাৰ  কোনো অলিখিত নিয়ম যদি আছে
মানিম বুলিতো কথা দিয়া নাছিলো
পৰষ্পৰক বিচাৰিম বুলিওতো কথা দিয়া নাছিলো
তথাপি এদিন আহি তুমি বন্ধু বুলি কথা
প্ৰত্যয়েৰে খামোচি ললো তোমাৰ হাত

নিজক বিচাৰি গুছি গলা তুমি
জীৱনক কিছু দিব খুজি
হেৰাই গলা কোনোবা আলি কেকুঁৰিত

মানুহে এদিন হেৰাই পাব পোছাক
সিদিনাখন এনেকৈ জোনাক বিছাৰি
ওলায় নাযায় কোনো হেমাংগ
নিৰুদ্দিষ্ট নহয় কোনো অৱনী।

Thursday, February 14, 2013

উশাহবোৰো ধুমুহা হৈ পৰিছে


(শিল হোৱা মানুহৰ প্ৰশস্তি)

মাতবোৰ শিল হৈ পৰিছে
সময়বোৰ বৰফ হৈ পৰিছে
নদীবোৰ বিষাদত নীলা হৈ বিয়পি পৰিছে

বুকুৰ ভিতৰত ঘৰ সাজিছে শীতলতাই
মানুহবোৰ মমৰ নে শিলৰ
এক যাযাবৰী পোছাকে মেৰিয়াই মেৰিয়াই
অচিনাকি কৰি তুলিছে মুখবোৰ

ঘৰবোৰ জটিল হৈ পৰিছে
ঠিকনাবোৰ অচিনাকি
পথবোৰ সৰীসৃপ হৈ বুকুৱে বুকুৱে
ঢালি দিছে বিষ

কোনো আৰু কাৰো বাবে থমকি নৰয়
উশাহবোৰ ধুমুহা হৈ পৰিছে
শিলবোৰ চকুপানী হৈ বুকুৰ ভিতৰত
এটা প্ৰস্তৰ-কঠিন ঘৰ সাজিছে।

(বাঁহী, নিয়মীয়া বাৰ্ত্তা, ১০ ফে. ২০১৩)

© jaminianurag2013

Saturday, April 2, 2011

স্মৃতিৰ উদ্যান

মোৰ বুকুৰ খিৰিকী মেলি দিলো,
এন্ধাৰৰ জাল বন্ধা ধূলিময় বাটেৰে সোমাই আহিল ফাগুনৰ বতাহজাক ,
আৰু উদাস-উদাস ফাগুনৰ এজাক ৰ’দ
শিৰ-শিৰাই উঠিল দেৱালবোৰ
বহু যুগৰ সীমাহীন অপেক্ষাৰ ক্লান্তি ভাঙি যেন এক ৰৌদ্ৰস্নান

অভিমানত ডুবি থাকিল দেৱালৰ ঘড়ীটো
’কিয় মোৰ বাবে নাছিল তোমাৰ তিলমানো অৱকাশ
অসাৰ যাতনাত ডুবি ৰ’ল ক’ত বসন্ত
আজি কিয় ঘূৰি চালা মোৰ ফালে !’

শুই আছে মোৰ বুকুৰ কোঠালিৰ আচ-বাব বোৰ
মোৰ পঢ়া-মেজৰ অকামিলা টিপ-চাকিটো
মোৰ আধালিখা ডায়েৰীবোৰ
চিলিঙত ওলোমা বিচনীখন
আৰু এটা নিলিখা কলম

অৱসাদৰ ধূলি চামনিত পোত খাই আছে মোৰ স্মৃতিৰ উদ্যান
খিৰিকীৰে জুমি চালো, মৰহি যোৱা গোলাপৰ পাহিত লাগি আছে নেকি
সন্ধিয়াৰ সেই কিছু একান্ত ক্ষণ,
ক’ৰবাত ৰৈ আছে নেকি অপেক্ষাৰ কবিতা
ওঠৰতা বসন্তৰ হিচাব-নিকাচ

অৱসাদে মূক কৰি নিছে মোক
ধূসৰ হৈ আহিছে দৃষ্টিৰ গভীৰতা
সন্ধিয়াৰ আগমনে সোঁৱৰাই দিলে
জোনাক হ’ব নোৱাৰাৰ কি যে দুখঃ

Sunday, February 6, 2011

সাঁৰে থাকক ভালপোৱা

সেউজীয়া পাতৰ দৰে এক প্ৰত্যয়েৰে
তোমাৰ দুচকুত এজোপা গোলাপ ৰুই দিলোঁ
বুকুত থলোঁ ভালপোৱাৰ বোকা-মাটি
লহ-পহকৈ বাঢ়ক বাঢ়নী পানীৰ দৰে,
শেষ হওক ৰাতিৰ গান, এন্ধাৰৰ হাত

তুমি ভালপোৱা একোটা নিজান বাঁহী
আঁৰি দিলো ডালে-পাতে, মনে মনে
ৰি-ৰিয়াই উঠিল বতাহজাক, কোনে
আহি বাঁহী বায়, নিজান সুৰত
বুকুত বাঢ়ি আহে গোলাপৰ পুলি

ক’ৰবাত গান গালে আহি বহাগৰ
চৰাইজনীয়ে, তুমি আহি হাঁহি দিলা
ভৰি পৰিল গোলাপৰ  ফুল,
সূৰুয আহি বজালে নিজান-বাঁহী

আজি তুমি গান গোৱা
ভৰাই দিয়া জোনাকৰ বাট, ওৰে ৰাতি
সাঁৰে থাকক ভালপোৱা, সেউজীয়া
পাতৰ দৰে ভালপোৱা

Saturday, September 18, 2010

নীলা

নীলাৰ সিপাৰে আছে হেনো
আৰু কিছু নীলা

যেন তোমাৰ দুচকুত ডুবি আছে
এসাগৰ নীলা

Saturday, July 17, 2010

বৰষুণ

শব্দস্নাতা এজাক বৰষুণে আজি
ধোৱাই নিলে মোৰ অৱসাদৰ ত্ৰিশটা বসন্ত

আজি বৰষুণ পৰিছে
চিপ্ চিপ্ বৰষুণৰ টোপালে মোৰ বুকুত বজাইছে
লৰালিৰ চোতালত হেৰাই যোৱা নিচুকনি গীত ।

২০১০

Wednesday, May 26, 2010

মৌনতাত মুগ্ধ এখন নদী

সময়ৰ দাপোনত বিদীৰ্ণ এক পৰিক্ৰমা
এক উচ্ছাস, এক বেদনা, এক মূৰ্ত্ত সংলাপ

সোৱনশিৰি
মৌনতাত মুগ্ধ এখন নদী
কৈশোৰ আৰু যৌৱনৰ স্মৃতিময় বালিচাপৰি